Type Here to Get Search Results !

400 New Doctor Vacancies : Assam Health Minister's Announcement


শীঘ্রে প্রকাশ পাব ৪০০ চিকিৎসক পদৰ বিজ্ঞাপন: স্বাস্থ্যমন্ত্রী

অসমৰ স্বাস্থ্য বিভাগত পুনৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। অহা ১০ দিনৰ ভিতৰত চৰকাৰী চিকিৎসালয়ত অত্যাবশ্যকীয় ঔষধৰ তালিকাৰ প্রায় আটাইবোৰ ঔষধ উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে, অত্যাবশ্যকীয় তালিকাত গুৰুত্বপূৰ্ণ ঔষধ সন্নিৱিষ্টকৰণৰো পদক্ষেপ লোৱা হৈছে বুলি স্বাস্থ্যমন্ত্রী জানিবলৈ দিয়ে।

এক সংবাদ মেলত স্বাস্থ্যমন্ত্রী সিংহলে উল্লেখ কৰে যে, চিকিৎসক নাটনি দূৰ কৰাৰ বাবে অতি সোনকালে ৪০০ চিকিৎসকৰ পদৰ বাবে বিজ্ঞাপন দিয়া হ'ব। স্বাস্থ্য সেৱা উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

Table of Content (toc)


পেলু নির্মূলকৰণ অভিযান

ইফালে, ১০ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় পেলু নির্মূলকৰণ দিবস উদ্যাপন কৰাৰ পাছত বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰত পঞ্জীভুক্ত এবছৰৰ পৰা ১৯ বছৰ বয়সৰ সকলো শিশুক পেলুৰ ঔষধ সেবনৰ লক্ষ্য স্থিৰ কৰা হৈছে। অহা ১৭ ফেব্ৰুৱাৰী পর্যন্ত ৰাজ্যৰ ৮৭,৭৪,৫৪৮টি শিশুক পেলুৰ ঔষধ খুৱোৱাৰ পৰিকল্পনা কৰা হৈছে।

তেওঁ প্ৰকাশ কৰা মতে, এই লক্ষ্যৰে যোৱা দুটা দিনত ৩২,৩২,৯৮৮টি শিশুক পেলুৰ ঔষধ খুৱোৱা হৈছে। এই অভিযানৰ অধীনত ৰাজ্যৰ ৪১,১৯২খন বিদ্যালয় আৰু ৬১,৭৩৮টা অংগনবাড়ী কেন্দ্ৰ সামৰি লোৱা হ'ব।

ৰাষ্ট্ৰীয় যক্ষ্মা নির্মূলকৰণ অভিযান

ৰাষ্ট্ৰীয় যক্ষ্মা নির্মূলকৰণ অভিযানৰ বিষয়ে উল্লেখ কৰি স্বাস্থ্যমন্ত্রী জানিবলৈ দিয়ে যে, বিগত মাহত ৪৩ লাখ লোকক যক্ষ্মা ৰোগৰ পৰীক্ষা কৰোৱা হৈছে। এতিয়ালৈকে ৪০০০ নতুন ৰোগী চিনাক্ত কৰা হৈছে।

ইউ-উইন প'ৰ্টেলৰ জৰিয়তে টিকাকৰণ

যোৱা ১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা ইউ-উইন প'ৰ্টেলৰ জৰিয়তে যোৱা মাহত ৪২ শতাংশ সফলতাৰে টিকাকৰণ সম্পন্ন হৈছে। ২১,২১০টি শিশুক এই পৰিসৰৰ অধীনত টিকাকৰণ কৰা হৈছে।



উপসংহাৰ

চৰকাৰৰ এই নতুন পদক্ষেপসমূহে ৰাজ্যৰ স্বাস্থ্য সেৱাত এক নতুন দিশ উন্মোচন কৰিব বুলি আশা কৰা হৈছে। চিকিৎসক পদ পূৰণ, পেলু নিৰ্মূলকৰণ, যক্ষ্মা পৰীক্ষা আৰু টিকাকৰণৰ দৰে পৰিকল্পনাসমূহৰ সফল প্ৰয়োগে ৰাজ্যৰ স্বাস্থ্যব্যৱস্থাক অধিক উন্নত কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব।