মহাভাৰত যুগৰ বাণ ৰজাৰ সেনাপতি আছিল মহাপৰাক্ৰমী বীৰ দ’'দান। বাণ ৰজাৰ ৰূপহী জীয়ৰী ঊষাক শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই গন্ধৰ্ব বিবাহ কৰাত বাণ ৰজাৰ লগত শ্ৰীকৃষ্ণৰ যুদ্ধ হয়। যুদ্ধত বাণৰ পক্ষত মহাদেব যোগদান কৰাত যুদ্ধখন “হৰি হৰৰ যুদ্ধ” নামে খ্যাত। দ’দান বীৰৰ পিতৃ হাহাহুহু, মাতৃ চিকাও ৰাণী। ৰজা দ’দানৰ ৰাণী ন 'দায় আৰু ৰাভা যোদ্ধা বীৰ মাৰুক্ষেত্ৰী আছিল সেনাপতি।।
দ’দান শোণিপুৰৰ পৰা দক্ষিণ কলত উপস্থিত হৈ নীলগিৰি বা নীলাচল পাহাৰত আশ্রয় লয়। পিছলৈ দক্ষিণ পশ্চিম ফালে আগবাঢ়ি আঠিয়াবাৰীত বহুদিন ৰাজত্ব চলায় আৰু তাতেই পোন প্ৰথমে নায়ৰংগ্নী বায়খো থান পাতি পূজা-আর্চনা কৰা বুলি জনা যায়। তাৰ পিছত পাহাৰীয়া ৰাজ্যত প্ৰৱেশ কৰি বিভিন্ন স্থানীয় বজাৰ লগত যুদ্ধত লিপ্ত হয় আৰু ৰাজ্যৰ প্ৰসাৰ ঘটায়।
সেনাপতি মাৰুক্ষেত্ৰীৰ সহযোগত গোটেই বর্তমান গাৰো পাহাৰ অঞ্চল দখলৰ প্ৰচেষ্টা চলাইছিল। এনেদৰেই ৰজা দ’দানে পৰাক্ৰমেৰে যুঁজি কাশীৰ্জাৰ ৰাজধানী দখল কৰে আৰু চিপনচিলাত কাশী ৰজাক নিধন কৰে।
কাশী ৰজাৰ ৰাজ্য জয় হউদান বীৰ, পৰাক্ৰমী ৰজা হিচাপে প্ৰতিস্থিত হয় আৰু তেতিয়াৰে পৰা তেওঁ ৰাৰ্ব্বজনীন ‘বায়খো’ উৎসৱ প্রবর্তন কৰে। পৰৱৰ্তী সময়ত ৰায়খো উৎসৱৰ আনন্দ উপভোগ কৰি নিজৰ ৰাজধানীত উভতি অহাৰ পথত কাশী ৰজাৰ কনিষ্ঠ ভাতৃদ্বয় ঘোৰবিচন আৰু অৰিমন্দৰ আকস্মিক আক্ৰমণত শৰবিদ্ধ হৈ ফেদালডোৱাত মৃত্যু বৰণ কৰে। দ'দানৰ মৃত্যু বৰণ কৰা ঠাই ডোখৰ “দ’দানডুবী” নামে জনাজাত।
Social Plugin