Type Here to Get Search Results !

Economy of India with Special Emphasis on Assam | ভাৰতৰ অৰ্থনীতি আৰু অসমৰ ওপৰত বিশেষ গুৰুত্ব

 ভাৰতৰ অৰ্থনীতি আৰু অসমৰ ওপৰত বিশেষ গুৰুত্ব (Economy of India with Special Emphasis on Assam)




Table of Content (toc)

অর্থনীতি কি:



অর্থনীতিৰ কেইবাটাও সংজ্ঞা আছে। তাৰে ভিতৰত আডাম স্মিথ (Adam smith), আলফ্রেড মার্চেল (Alfred Marshall) আৰু লায়'নৈল ৰবিন্সৰ সংজ্ঞা তিনিটা মন কৰিবলগীয়া। এই তিনিটা সংজ্ঞাক যথাক্রমে সম্পদ ভিত্তিক সংজ্ঞা, কল্যাণ ভিত্তিক সংজ্ঞা আৰু দুষ্প্রাপ্যতা ভিত্তিক সংজ্ঞা বুলি অভিহিত কৰিব পাৰি।


আডাম স্মিথৰ সংজ্ঞা:

 অর্থনীতিৰ পিতৃস্বৰূপ আডাম স্মিথে তেখেতৰ ১৭৭৬ চনত প্রকাশিত 'An Enquiry into the Nature and causes of the wealth of Nations' ত অর্থনীতিৰ এটি সংজ্ঞা আগবঢ়াইছে। স্মিথৰ মতে অর্থনীতি 'সম্পদৰ অধ্যয়ন' (study of wealth)। সম্পদ আহৰণেই মানৱ জীৱনৰ মূল উদ্দেশ্য। সম্পদ কিদৰে উৎপাদন কৰিব পাৰি আৰু ভোগ কৰিব পাৰি এই বিষয় দুটাই অর্থনীতিত অধ্যয়ন কৰা হয়। গতিকে সম্পদৰ অধ্যয়নেই অর্থনীতিৰ বিষয়বস্তু। স্মিথৰ মতে, সোণ, ৰূপ, ভূমি, গৃহ আৰু বিভিন্ন প্ৰকাৰৰ ভোগ্য সামগ্ৰীৰ সমষ্টিয়েই সম্পদ। এখন দেশৰ ভূমি আৰু শ্ৰমৰ বছৰেকীয়া উৎপাদনেই হ'ল সেই দেশৰ সম্পদ।


পুঁজিবাদ, সমাজবাদ আৰু মিশ্রিত অর্থনীতি কি?


পুঁজিবাদ এবিধ অর্থনৈতিক ব্যৱস্থা য'ত উৎপাদনৰ আহিলাসমূহ ব্যক্তিৰ বা পুঁজিপতিৰ নিয়ন্ত্রণাধীন আৰু বজাৰৰ দুটা শক্তি যোগান আৰু চাহিদাই অর্থনৈতিক কার্যকলাপ নিৰূপণ কৰে। অর্থনৈতিক সিদ্ধান্ত সমূহ চাহিদা আৰু যোগানৰ ক্ৰিয়া-প্ৰক্ৰিয়াৰ ভিত্তিত ব্যক্তিগত বিনিয়োগকাৰী পুঁজিপতিয়ে গ্ৰহণ কৰিব, চৰকাৰে নহয়।


সমাজবাদ এবিধ অর্থনৈতিক ব্যৱস্থা, য'ত দেশৰ সম্পদৰাজিৰ মালিকীস্বত্ব সমাজৰ হাতত থাকে। Dickinson ৰ মতে সমাজবাদ হৈছে সমাজৰ এটি অর্থনৈতিক সংগঠন য'ত উৎপাদনৰ আহিলাবোৰ গোটেই সমাজৰ হাতত থাকে আৰু সেইবোৰ এক সামগ্রিক অর্থনৈতিক আঁচনি অনুসৰি সমাজৰ প্ৰতিনিধি আৰু সমাজৰ প্ৰতি দায়বদ্ধ অনুষ্ঠানসমূহে প্ৰয়োগ কৰিব পাৰে আৰু সমাজৰ সকলোৱে এনে পৰিকল্পিত সামাজিক উৎপাদনৰ পৰা সম অধিকাৰৰ ভিত্তিত উপকৃত হ'ব পাৰে।

 

ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহঅৱস্থানেই হ'ল মিশ্রিত অর্থনীতি। এই আর্থিক ব্যৱস্থাৰ পুঁজিবাদৰ সুবিধাবোৰৰ সৈতে সমাজবাদ সুবিধাবোৰৰ এক সংমিশ্রণ ঘটাবলৈ প্রচেষ্টা চলোৱা হয়। ভাৰতীয় অর্থনীতি মিশ্রিত অর্থনীতি।


পৰিকল্পনা আয়োগ:


১৫ মার্চ ১৯৫০ চনত ভাৰতবৰ্ষৰ পৰিকল্পনা আয়োগ গঠিত হয়। পৰিকল্পনা আয়োগৰ প্ৰধান কাম হ'ল- পৰিকল্পনা যুগুতকৰণ, পৰিকল্পনা অনুমোদন আৰু পৰিকল্পনা পুনৰীক্ষণ আৰু পৰ্যালোচনা। পৰিকল্পনা আয়োগে পঞ্চবার্ষিক পৰিকল্পনাৰ মূল লক্ষ্যসমূহ নিৰ্ধাৰণ কৰে। পৰিকল্পনা আয়োগৰ এক গুৰুত্বপূর্ণ অংগ হ'ল ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ। পৰিকল্পনা আয়োগে পুনৰীক্ষণ আৰু পর্যালোচনা কৰে আৰু আঁচনিসমূহৰ আসোঁৱাহসমূহ দূৰ কৰে।


পৰিকল্পনা আয়োগ এক সাংবিধানিক অনুষ্ঠান নহয়। পৰিকল্পনা আয়োগৰ অধ্যক্ষ হ'ল ভাৰতবৰ্ষৰ প্রধানমন্ত্রী। পৰিকল্পনা আয়োগৰ এগৰাকী উপাধ্যক্ষ আৰু কেইবাগৰাকী সদস্য আছে। তেখেতসকলে কেন্দ্রীয় মন্ত্ৰীৰ সমমর্যাদা লাভ কৰে।


পৰিকল্পিত অৰ্থনীতিৰ লক্ষ্যসমূহ -


ক) অর্থনৈতিক উন্নয়নৰ হাব ক্ষিপ্ৰ কৰা।


খ) আধুনিকীকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰা।


গ) আত্মনির্ভৰশীলতা অর্জন কৰা।


ঘ) সামাজিক ন্যায় প্রতিষ্ঠা কৰা।


দাৰিদ্রতা কি?

দাৰিদ্ৰতা নির্মূলকৰণ ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ এটা মূল লক্ষ্য। ভাৰতবৰ্ষৰ অৰ্থনীতিৰ বাবে দাৰিদ্ৰতা নির্মূলকৰণ এক বিৰাট প্রত্যাহ্বান। পর্যাপ্ত আহান, আশ্রয়স্থল, উন্নত শিক্ষা, চিকিৎসা, হিংসাবর্জিত সমাজ গঠন ইত্যাদি ভালেমান বিষয়ৰ সৈতে দাৰিদ্ৰতাৰ প্ৰসংগটো জড়িত হৈ আছে।


দাৰিদ্ৰতাৰ কাৰণসমূহ:


যেনে-


ক) সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক বৈষম্য


খ) অনুভূমিক সামাজিক কাৰ্যসূচীৰ অভাৱ


গ) কর্মহীনতা


ঘ) ঋণগ্রস্ততা


ঙ) সম্পদৰ সমবিতৰণৰ অভাৱ


ওপৰোক্ত কাৰণসমূহৰ উপৰিও দাৰিদ্ৰতাৰ কেতবোৰ কাৰণ দেশৰ অৰ্থনীতিৰ লগতে জড়িত হৈ আছে।


ক) নিম্ন পৰ্যায়ৰ মূলধন গঠন


খ) আন্তঃগাঁথনিৰ অভাব


গ) চাহিদাৰ অভাৱ


ঘ) জনসংখ্যা বৃদ্ধি


ঙ) সামাজিক সুৰক্ষাৰ অভাৱ


উদ্ধৃত আটাইবোৰ কাৰণ ঔপনিবেশিক শাসনৰ পৰিণতি বুলিব পাৰি। বৃটিছ শাসনকালত ঘটা অৰ্থৰ বহির্গমনৰ ফলতেই এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অর্থনীতিবিদসকলে ধাৰণা কৰে।


লোকপিয়ল ২০১১ কিছু তথ্যঃ


  • লোকপিয়ল ২০১১ ৰ প্রতীক-মহিলা গণনাকাৰী।


  • লোকপিয়ল ২০১১ ৰ প্ৰতীকটোৰ স্ৰষ্টা পদৰবিন্দ বঠ।


  • ১ মার্চ ২০১১ চনৰ ০.০০ বজাত ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা: ১,২১০, ১৯৩, ৪২২।


  • ২০০১ ৰ পৰা ২০১১ চনৰ দশকত হোৱা জনসংখ্যা বৃদ্ধি ১৮১ নিযুততকৈ অধিক।


  • ভাৰতবৰ্ষ আৰু চীনদেশৰ মাজত থকা জনসংখ্যাৰ ব্যৱধান ২০০১ চনৰ ২৩৮ নিযুতৰ পৰা ২০১১ চনত ১৩১ নিযুতলৈ হ্রাস।


  • ভাৰতবৰ্ষই বিশ্বৰ ভূ-ভাগৰ ২.৪% আৱৰি আছে আৰু ভাৰতৰ জনসংখ্যা বিশ্বৰ সংখ্যাৰ ১৭.৫% হৈছেগৈ।


  • সর্বাধিক জনসংখ্যাৰ ৰাজ্য: উত্তৰ প্ৰদেশ (২০০ নিযুত)


  • আটাইতকৈ কম জনসংখ্যা: লাক্ষাদ্বীপ (৬৪, ৪২৯ জন)


  • ২০০১-২০১১ চনৰ দশকত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বিয়োগাত্মক হোৱা একমাত্ৰ ৰাজ্যখন নগালেণ্ড (-০.০৫)


  • যৌন অনুপাত, প্রতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা: ৯৪০


  • বিশ্বৰ যৌন অনুপাত: ৯৮৪।


  • যৌন অনুপাতৰ উচ্চতম মূল্য অনুসৰি প্ৰথম তিনিখন ৰাজ্য: কেৰেলা (১০৮৪) তামিলনাডু (৯৯৫) আৰু


  • অন্ধপ্রদেশ (৯৯২)


  • যৌন অনুপাতৰ ক্ষেত্ৰত প্রথম কেন্দ্রীয় শাসিত অঞ্চল পুডুচেৰী। সর্বনিম্ন দমন আৰু দিউ।


  • শিক্ষিতৰ হাৰঃ ৭৮.০৪ (পুৰুষ ৮২.১৪, মহিলা ৬৫.৪৬)


  • ৰাজ্যসমূহৰ ভিতৰত সৰ্ব্বোচ্চ শিক্ষিতৰ হাৰ কেৰালা (৯৩.৯১%)


  • ৰাজ্যসমূহৰ ভিতৰত সর্বনিম্ন শিক্ষিতৰ হাব: বিহাৰ (৬৩.৮২%)


  • কেন্দ্রীয় শাসিত অঞ্চলৰ ভিতৰত শিক্ষিতৰ হাৰ সর্বোচ্চঃ লাক্ষাদ্বীপ (৯২.২৮%) সর্বনিম্ন দাদৰা আৰু নগৰ


  • হাভেলি (৭৭.৬৫%)


  • জনসংখ্যাৰ ঘনত্ব (প্রতি বর্গ কিলোমিটাৰত): ৩৮২ জন


  • ৰাজ্যসমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বঃ পশ্চিমবংগ


  • সর্বনিম্ন ঘনত্বঃ অৰুণাচল প্রদেশ


  • কেন্দ্রীয় শাসিত অঞ্চলৰ ভিতৰত সৰ্বাধিক ঘনত্ব: দিল্লী


  • সর্বনিম্ন: আন্দামান আৰু নিকোবৰ


নিবনুৱা কোন?


যি ব্যক্তি চলিত মুজৰীত কাম কৰিবলৈ ইচ্ছুক আৰু সমর্থবান হোৱাৰ পিছতো কাম কৰিবলৈ সুযোগ নাপায়, তেনে ব্যক্তিক নিবনুৱা বোলে।


নিবনুৱা ঘাইকৈ দুই প্ৰকাৰৰ-


গ্রাম্য নিবনুৱা আৰু চহৰীয়া নিবনুৱা। গ্রাম্য নিবনুৱা আকৌ দুই শ্ৰেণীৰঃ ঝতুজ নিবনুৱা আৰু ছদ্মবেশী নিবনুৱা বা প্রছন্ন নিবনুৱা। চহৰীয়া নিবনুৱাও দুই প্ৰকাৰৰঃ ঔদ্যোগিক আৰু শিক্ষিত নিবনুৱা


ঋতুজ নিবনুৱাঃ যিবিলাক ব্যক্তিয়ে বছৰৰ মাত্ৰ কেইটামান ঋতুতহে কামত নিয়োজিত হৈ থাকে বাকী সময়ত নিবনুৱা হৈ থাকে তাক ঋতুজ নিবনুৱা বোলে।


ছদ্মবেশী নিবনুৱা: কোনো এটা কামত প্রয়োজনতকৈ অধিক ব্যক্তি নিয়োজিত হৈ থাকিলে তাক ছদ্মবেশী নিবনুৱা বোলে।


শিক্ষিত নিবনুৱা: যিবোৰ ব্যক্তি যোগ্যতা অনুসৰি নিয়োগৰ সুবিধা নাপায় তাক শিক্ষিত নিবনুৱা বোলে।


অর্থনীতিৰ মৌলিক সমস্যা দুটা কি কি?


সীমিত সম্পদৰ উচিত ব্যৱহাৰ আৰু উৎপাদিত সা-সামগ্ৰীৰ বিতৰণ।


সীমিত সম্পদে কি সমস্যাৰ সৃষ্টি কৰে?


পছন্দ অপছন্দৰ সমস্যা (Problem of Choice)


অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাটো কি?

পছন্দ অপছন্দৰ সমস্যা (Problem of Choice)


সম্পদ কি?


উপকাৰিতা, কাৰ্যকাৰিতা আৰু পৰিবৰ্তনশীলতা থকা সকলোবোৰ বস্তুৱেই সম্পদ।


উৎপাদন সম্ভাবনীয়তা প্ৰান্তৰ কি?


এক নির্দিষ্ট আর্থিক ব্যৱস্থাত যি পৰিমাণৰ সম্পদ উপলব্ধ হয়, সেই সম্পদ প্রযুক্তিবিদ্যাৰ সহায়ত ব্যবহার কৰি সামগ্রী উৎপাদান কৰা হয়। কোনো এবিধ সামগ্ৰীৰ উৎপাদন সম্পদৰ ব্যৱহাৰৰ দ্বাৰা অধিক পৰিমাণে কৰিলে আন এবিধ সামগ্ৰীৰ উৎপাদন স্বাভাৱিকতেই কমি যাব।


সুযোগ বা উর্দ্ধতম বিকল্প ব্যয় কি?


সামগ্ৰী একোটাৰ উৎপাদন খৰচ হ'ল আন এটা সামগ্রী উৎপাদনৰ পৰিত্যক্ত সুযোগ। পৰিত্যক্ত সুযোগবোৰৰ ভিতৰত যিটোৰ মূল্য সর্বোচ্চ হয় সেই মূল্যই হ'ল উর্দ্ধতম বিকল্প ব্যয়ৰ মাপকাঠি।


পৰিকল্পিত অর্থনীতি কি?


যি ব্যৱস্থাত উৎপাদনৰ লগত জড়িত বিভিন্ন সিদ্ধান্তসমূহ ৰাষ্ট্ৰই গ্ৰহণ কৰে তাক পৰিকল্পিত অর্থনীতি বোলে।


বজাৰ কি?


বজাৰ হৈছে এক অনুষ্ঠান য'ত গ্রাহক আৰু বিক্রেতাৰ মুখামুখি নোহোৱাকৈয়ে সামগ্ৰীৰ আদান-প্রদান হয়।


বজাৰ ভিত্তিক অর্থনীতি কি?


যি অর্থনীতিত উৎপাদনৰ লগত জড়িত বিভিন্ন সিদ্ধান্তসমূহ বজাৰৰ ক্ৰিয়া-প্রক্রিয়াই নির্ধাৰণ কৰে তাক বজাৰ ভিত্তিক অর্থনীতি বোলে।


বর্ণনাভিত্তিক অর্থনীতি কি?


অর্থনৈতিক আচৰণৰ যুক্তি সংগত বর্ণনাত্মক বিশ্লেষণেই হ'ল বর্ণনাভিত্তিক অর্থনীতি।


ব্যক্তিবাদী অর্থনীতি কি?


ইয়াত আর্থিক ব্যৱস্থাৰ বিভিন্ন খণ্ড বা গোট বেলেগে বেলেগে অধ্যয়ন কৰা হয়। ইয়াত জাতীয় খণ্ডসমূহ বিশ্লেষণ কৰা নহয়।


সমষ্টিবাদী অর্থনীতি কি?


ইয়াত আর্থিক ব্যৱস্থাৰ এক সামগ্রীক বিশ্লেষণ কৰা হয়।


বজাৰৰ শ্ৰেণীবিভাজনসমূহ লিখা?


(i) পূর্ণ প্রতিযোগিতামূলক বজাৰ


(ii) একচেটিয়া বজাৰ


(iii) একাধিকাৰ প্রতিযোগী বজাৰ


(iv) অল্পসংখ্যক প্রতিযোগী বজাৰ


(v) দ্বিচেটিয়া বজাব


(vi) এক গ্রাহককেন্দ্রিক বজাৰ


(vii) দ্বি পাক্ষিক একচেটিয়া বজাৰ


সৰ্বমুঠ ঘৰুৱা উৎপাদন (GDP) আৰু সৰ্বমূঠ জাতীয় উৎপাদন (GNP) কি?


এটা বিত্তীয় বছৰত দেশৰ ভিতৰত সৰ্বমুঠ অন্তিম ব্যৱহাৰোপযোগী সামগ্ৰী আৰু সেৱা কাৰ্যৰ বজাৰ মূল্যই হ'ল সর্বমুঠ ঘৰুৱা উৎপাদন। আনহাতে সর্বমুঠ জাতীয় উৎপাদন হ'ল- সৰ্বমুঠ ঘৰুৱা উৎপাদন + বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয়ৰ পৰিমাণ।


মুদ্রা কি?


যিকোনো এটা বস্তু বা দ্রব্য যেতিয়া বিনিময়ৰ মাধ্যম হিচাপে সকলোৱে গ্ৰহণ কৰে তেতিয়া তাক মুদ্রা বুলি কোৱা হয়।


জিয়ফ্রি ক্রাউথাৰৰ মতে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্রহণযোগ্যতা সম্পন্ন আৰু মূল্যৰ মাপকাঠী আব্ৰু ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰা যিকোনো সামগ্ৰীয়েই মুদ্রা হ'ব।


বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাৰ গ্ৰহণযোগ্যতা দুই ধৰণৰ-


(i) পৰম্পৰাগতভাৱে


(ii) আইনসম্মতভাবে


মুদ্ৰাৰ শ্ৰেণীবিভাজন সম্পর্কে লিখা?


মুদ্রা ঘাইকৈ দুই প্ৰকাৰৰ- হিচাপ-নিকাচৰ মুদ্রা আৰু প্ৰকৃত মুদ্রা। প্রকৃত মুদ্ৰাৰ প্ৰধান ভাগকেইটা হ'লঃ সামগ্রী মুদ্রা, ধাতু মুদ্রা, কাগজী মুদ্রা, বিহিত মুদ্রা, অবিহিত মুদ্রা, আদেশী মুদ্রা, প্রতীক মুদ্রা, চেক মুদ্রা, মান মুদ্রা আৰু ক'লা মুদ্রা।


ঋণপত্র কি?


জনসাধাৰণৰ পৰা ঋণ ল'বলৈ চৰকাৰ বা ব্যৱসায় প্রতিষ্ঠানে যি পত্ৰ বিক্ৰী কৰে আৰু সেই পত্র কিনোতাজনক ভৱিষ্যতৰ বাবে এক মুদ্রাগত প্রতিদানৰ প্রতিশ্রুতি প্রদান কৰে সেই পত্রখনেই হ'ল ঋণপত্র।।


আমানত কি?

বাণিজ্যিক বেংক সংগ্ৰহ কৰা সঞ্চয়কে আমানত বোলে।


বিহিত মুদ্রা কি?


যি মুদ্রাৰ গ্ৰহণযোগ্যতা বিধিসম্মত সেই মুদ্রাই হ'ল বিহিত মুদ্রা।


বেংক বেট কি?


হাৰ।


যি সুদৰ হাৰত কেন্দ্ৰীয় বেংকে ব্যৱসায়িক বেংকবোৰক মুদ্রা যোগান ধৰে সেই হাৰটোৱেই হ'ল বেংকৰ সুদৰ


মুদ্রা গুণক কি?


মুদ্ৰাৰ মুঠ যোগান আৰু প্ৰসাৰণ ক্ষমতাসম্পন্ন মুদ্রাৰ অনুপাতেই হ'ল গুণকৰ মাপকাঠি।


ঘাটি বিত্তীয় ব্যবস্থা কি?


কেন্দ্ৰীয় চৰকাৰৰ বাজেটত দেখা দিয়া ঘাটি পূৰণ কৰিবলৈ কেন্দ্ৰীয় বেংকক চৰকাৰী ঋণপত্ৰ বিক্ৰী কৰি সেই বেংকৰ পৰা মুদ্রা ঋণ হিচাপে লৈ সেই ঋণৰ সহায়ত বাজেট ঘাটি পূৰণ কৰা ব্যৱস্থাটোৱেই ঘাটি বিত্তীয় ব্যৱস্থা বুলি কোৱা হয়।


বাজেট বুলিলে কি বুজা?


বাজেট হৈছে আগন্তুক বিত্তীয় বৰ্ষৰ বাবে যুগুত কৰা বার্ষিক বিবৃতি। ভাৰতীয় সংবিধানৰ ১১২ নং অনুচ্ছেদ অনুসৰি চৰকাৰে বাজেট সদনত দাখিল কৰিব লাগে?


বাজেটৰ মূল লক্ষ্যসমূহ হ'ল-


(i) অর্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি কৰা


(ii) আয় আৰু সম্পদৰ বিতৰণৰ ক্ষেত্ৰত দেখা দিয়া বৈষম্য দূৰ কৰা


(iii) অর্থনৈতিক সুস্থিৰতা ৰক্ষা কৰা আৰু


(iv) ৰাজহুৱা খণ্ডৰ ব্যৱস্থাপনা


ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? ইয়াৰ প্ৰধান কার্যসমূহ লিখা।


ৰিজার্ভ বেংক। ইয়াৰ প্ৰধান কাৰ্যসমূহ হ'ল-

(i) কাগজী মুদ্রাৰ যোগান


(ii) চৰকাৰৰ বেংক


(iii) ঋণ নিয়ন্ত্রণ


(v) উন্নয়নমূলক কার্য


(vi) অন্যান্য কার্য


বাণিজ্যিক বেংক কি? ইয়াৰ প্ৰধান কাম কি কি?


যিবোৰ বিত্তীয় অনুষ্ঠানে ব্যক্তি বা সংগঠনৰ পৰা ধন জমা ৰাখি অন্য ব্যক্তি বা সংগঠনক ঋণ প্রদান কৰে তাক বাণিজ্যিক বেংক বোলে।


ইয়াৰ প্রধান কামসমূহ হ'ল-


(i) সঞ্চয় গ্রহণ


(ii) ঋণৰ যোগান


(iii) আমানতৰ সৃষ্টি


(iv) অন্যান্য কার্য


বেংক ৰাষ্ট্ৰীয়কৰণ কিমান চনত কৰা হৈছিল?


১৯৬৯ চনৰ ১৯ জুলাইত


গ্রাম্য বেংক আঁচনি কিমান চনত ব্যৱহাৰ কৰা হৈছিল?


১৯৭৬ চনত।


ভাৰতবৰ্ষত সমবায় সমিতি আইন কিমান চনত গ্রহণ কৰা হৈছিল?


১৯০৪ চনত


উত্তৰ-পূৱ উন্নয়ন বিত্ত নিগম (NEDFI) কিমান চনত স্থাপন হৈছিল?


১৯৯৬ চনৰ ২৩ ফেব্ৰুৱাৰীত।


অসমৰ প্ৰাকৃতিক সম্পদ


প্রাকৃতিক সম্পদত অসম এখন চহকী ৰাজ্য। কিন্তু অনুন্নত যাতায়ত আৰু পৰিবহণ ব্যৱস্থা লেহেমীয়া ঔদ্যোগিকৰণ, মূলধনৰ অভাৱ ইত্যাদি বিভিন্ন কাৰণত এই সম্পদৰাজিৰ পূৰ্ণ ব্যৱহাৰ সম্ভৱ হৈ উঠা নাই।


অসমৰ প্ৰাকৃতিক সম্পদৰাজিক ঘাইকৈ তিনিভাগত ভগাব পাৰিঃ অসমৰ ভূ-পৃষ্ঠ আৰু ইয়াৰ উপৰিভাগ, ভূ- গৰ্ভৰ সম্পদৰাজি আৰু জলজ সম্পদ। অসমৰ মুঠ ভৌগোলিক এলেকাৰ পৰিমাণ হৈছে ৮৮,৫২৩ বর্গকিল'মিটাৰ। ইয়াৰে ২৫,২২৫ বর্গকিল'মিটাৰ ভৈয়াম আৰু ৬৩,২৯৮ বর্গকিল মিটাৰ পাহাৰীয়া অঞ্চল। অসমৰ মুঠ ভৌগোলিক এলেকা ভাৰতবৰ্ষৰ মুঠ ভৌগেলি এলেকাৰ ২.৩৯ শতাংশ হ'ব। অসমৰ ভৈয়াম অঞ্চল ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰে গঠিত। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদী দিহিং, বুঢ়ীদিহিং ইত্যাদিৰে ব্ৰহ্মপুত্র উপত্যকা প্রায় ৭২০ কিল মিটাৰ দীঘল। এই উপত্যকাৰ প্ৰস্থ গড় হিচাপত ৫০ মাইল হ'ব। সুৰমা নদী আৰু ধলেশ্বৰী, দেও আৰু মলু আদি উপনদীৰে সুৰমা উপত্যকা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰে গঠিত। অসমৰ পাৰ্বত্য অঞ্চল কার্বি আংলং আৰু উত্তৰ কাছাৰ জিলাৰে গঠিত। অসমৰ পাহাৰ অঞ্চল সমুদ্র পৃষ্ঠৰ পৰা প্ৰায় ৪,০০০ ফুট উচ্চতাত অৱস্থিত। বাঁহ আৰু বিভিন্ন গছ, তৰুলতাৰে অসমৰ পাবর্ত্য অঞ্চল ভৰপূৰ।


ৰাষ্ট্ৰীয় বননীতি অনুসৰি সংৰক্ষিত বনাঞ্চলৰ পৰিমাণ ৩৩.৩ শতাংশ হ'ব লাগে, অসমত এই পৰিমাণ হৈছে ২২ শতাংশ অর্থাৎ ৰাষ্ট্ৰীয় ন্যূনতম পৰিমাণতকৈ তলত। অৱশ্যে সংৰক্ষিত বনাঞ্চলৰ লগতে অসংৰক্ষিত বনাঞ্চল যোগ কৰিলে অসমৰ বনাঞ্চল মুঠ ভৌগেলিক এলেকাৰ ৩৬.৪ শতাংশ হ'ব। অসমৰ মুঠ বনাঞ্চল ৪০.২ শতাংশ কার্নি আংলং আৰু উত্তৰ কাছাৰ জিলাই সামৰি লৈছে।


প্রাকৃতিক সম্পদৰ উৎস হিচাপে অসমৰ ভূখণ্ড আৰু ইয়াৰ উপৰিভাগৰ লগতে ভু-গৰ্ভৰ সম্পদৰাজিও বিশেষভাবে মন কৰিবলগীয়া, ভূ-তাত্ত্বিক সমীক্ষা অনুসৰি অসমৰ ১৯ বিধ উল্লেখযোগ্য খনিজ পদার্থ আছে। ইয়াৰে মাত্র কেইবিধমানহে বর্তমানলৈকে বাণিজ্যিক ভিত্তিত ব্যৱহাৰ কৰা হৈছে। অসমৰ কেতবোৰ উল্লেখযোগ্য খনিজ সম্পদৰ চমু বিৱৰণ তলত দাঙি ধৰা হ'ল:


(১) খনিজ তেল: ভাৰতবৰ্ষৰ আমদানিৰ তালিকাত খনিজ তেলৰ স্থান প্রথম। দেশীয় উৎপাদনৰ তুলনাত


মুঠ চাহিদা অধিক হোৱা বাবেই এই আমদানিৰ প্ৰয়োজন হৈ পৰিছে দেশীয় উৎপাদন প্রায় ৫০ শতাংশ অসমে যোগান ধৰে। অসমৰ খনিজ তেলৰ বাবেই আমাৰ দেশে দুষ্প্রাপ্য বৈদেশিক বিনিময়যোগ্য মুদ্রা ৰাহি কৰিবলৈ সক্ষম হৈছে। অসমৰ নাহৰকটীয়া, হুগ্ৰীজান, জুৰাজান গেলেকী, ৰুদ্রসাগৰ, লাকুৱাত তৈলক্ষেত্ৰ আছে। ভাৰতবৰ্ষৰ ভিতৰত গেলেকী তৈল ভাণ্ডাৰেই সৰ্ববৃহৎ তৈল ভাণ্ডাৰ বুলি অনুমান কৰা হৈছে। এছিয়াৰ ভিতৰত ডিগবৈত বাণিজ্যিক ভিত্তিত তেলৰ প্ৰথম খনন কাৰ্য আৰম্ভ কৰা হয়। অসম ৰে'লৱে আৰু ট্রেডিং কোম্পানীয়ে ডিগবৈত প্রথমটো তেল কূপ সম্পূর্ণ কৰে ১৮৯০ চনত। ১৯০১ চনত স্থাপিত ডিগবৈ শোধনাগাৰেই পৃথিৱীৰ ভিতৰত সবাতোকৈ পুৰণি শোধনাগাৰ অসমত থকা আন দুটা তেল শোধনাগাৰ হ'ল নুনমাটি শোধনাগাৰ (১৯৬২ চনত স্থাপিত) অসম আৰু বঙাইগাঁও শোধনাগাৰ (১৯৭২ চনত স্থাপিত) অসমৰ চতুৰ্থটো শোধনাগাৰ নুমলিগড়ত স্থাপন কৰা হৈছে। এই শোধনাগাৰটোকে ধৰি ভাৰতবৰ্ষত বৰ্তমানলৈকে তেল শোধনাগাৰৰ মুঠ সংখ্যা ১৪ টা হ'বগৈ। উল্লেখযোগ্য যে নুনমাটি তেল শোধনাগাৰেই ভাৰতবৰ্ষৰ ৰাজহুৱা খণ্ডৰ প্ৰথম তেল শোধনাগাৰ।


অসমৰ ঔদ্যোগিক নীতি, ১৯৯৭


১৯৯৭ চনত অসম চৰকাৰৰ নতুন ঔদ্যোগিক নীতিত তলৰ বিষয়কেইটাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছেঃ


(১) স্থানীয় কেঁচা-সামগ্ৰী আৰু জলসম্পদৰ সৰ্বাধিক সম্ভাব্য ব্যৱহাৰ,


(২) ঔদ্যোগিকৰণৰ প্ৰক্ৰিয়াৰ সৈতে স্থানীয়, ৰাষ্ট্ৰীয় আৰু বৈদেশিক বিনিয়োগকাৰী জড়িত কৰিবলৈ উদ্‌গনি (Incentive) ৰ ব্যৱস্থা কৰা;


(৩) প্রশাসনীয় দক্ষতা বৃদ্ধি কৰা।


(৪) সংগঠক বা ঔদ্যোগিক অৰ্হতা উন্নত কৰা।


(৫) মহিলা ঔদ্যোগিৰ উন্নয়ন সাধন কৰা।


(৬) খাদ্য প্রস্তুতকাৰী আৰু ৰপ্তানীকেন্দ্ৰিক গোটৰ বিকাশ সাধন কৰা।


(৭) পার্বত্য অঞ্চলৰ উন্নয়ন সাধন কৰা।


(৮) ৰুগ্ন উদ্যোগবোৰ পুনৰুজ্জীৱিত কৰা,


(৯) গ্রাম্য উদ্যোগ আৰু ক্ষুদ্র শিল্প সেৱা আৰু ব্যৱসায় প্রতিষ্ঠান গঢ়ি তোলা।


জিলাৰ মুঠ সংখ্যা: ২৭


লোকপিয়ল ২০১১: অসম


  • ভৌগোলিক এলেকা: ৭৮,৪৩৮,০০


  • মুঠ জনসংখ্যা: ৩১,১৯৬,২৭২


  • পুরুষ: ১৫,৯৫৪,৯২৭


  • মহিলা: ১৫,২১৪,৩৪৫


  • দশকটোত বৃদ্ধি হাৰ (২০০১-২০১১): ১৬.৯৩


  • পুরুষ: ১৫.৮১


  • মহিলা: ১৮.১৪


  • জনসংখ্যাৰ ঘনত্ব (প্রতি বর্গ কিলোমিটাৰত): ৩৯৭


  • যৌন অনুপাত (প্রতি হাজাৰ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা): ৯৫৪


  • সাক্ষৰতাৰ হাৰঃ ৭৩.১৮%


  • পুরুষ: ৭৮.৮১


  • মহিলা: ৬৭.২৯


  • জনসংখ্যাৰ সৰ্বাধিক বৃদ্ধিৰ জিলাখন: ধুবুৰী (২৪.৪০%)


  • জনসংখ্যাৰ সৰ্বনিম্ন বৃদ্ধি জিলাখন: কোকৰাঝাৰ (৫.১৯%)


  • সর্বোচ্চ যৌন অনুপাতৰ জিলাখন: মৰিগাওঁ (১৭৪)


  • সর্বনিম্ন যৌন অনুপাতৰ জিলাখন: কামৰূপ (নগৰ) (৯২২)


  • জনসংখ্যাৰ সৰ্বোচ্চ ঘনত্বৰ জিলাখন: কামৰূপ (নগৰ) (২০১০ জন)


  • জনসংখ্যাৰ নিম্নতম ঘনত্বৰ জিলাখন: উত্তৰ কাছাৰ পাৰ্বত্য জিলা (ডিমা-হাছাও) (৪৪জন)


  • সাক্ষৰতাৰ সৰ্ব্বোচ্চ হাৰৰ জিলাখন: কামৰূপ (নগৰ) (৮৮.৬৬%)


  • সাক্ষৰতাৰ নিম্নতম হাৰৰ জিলাখন: ধুবুৰী (৫৯.৩৬%)


  • সর্ববৃহৎ জিলা: কার্বি আংলং ১০.৪৩৪ বর্গ কিলমিটাৰ


  • ক্ষুদ্রতম জিলা: কামৰূপ (নগৰ) ৬২৭.১৮ বর্গ কিলমিটাৰ


  • অসমৰ নগৰীকৰণৰ হাৰ (২০০১-১১): ২৭.৬১%


  • জিলা ভিত্তিক সর্বোচ্চ নগৰীকৰণৰ হাৰ: ৮২% (কামৰূপ মেট্র')


  • জিলা ভিত্তিক সর্বনিম্ন নগৰীকৰণৰ হাৰ: ১.২৮% (বাক্সা)


  • গ্রাম্য সাক্ষৰতাৰ বৃদ্ধিৰ হাৰ (২০০১-১১): ১০.৭১%


  • নগৰ অঞ্চলৰ সাক্ষৰতাৰ বৃদ্ধিৰ হাৰঃ ৩.৫৪%


  • গ্রাম্য অঞ্চলত মহিলাৰ সাক্ষৰতাৰ বৃদ্ধিৰ হাৰ: ১৩.৩৯%


  • জিলা ভিত্তিক জনসংখ্যাৰ সৰ্বোচ্চ বৃদ্ধিৰ হাৰ: ২৪.৪০% (ধুবুৰী)


অসম কৃষি উন্নয়ন


অসমৰ অৰ্থনীতিত কৃষিৰ ভূমিকা: অসম এখন কৃষিপ্রধান ৰাজ্য। মুঠ উৎপাদনৰ ৪০ শতাংশৰো অধিক কৃষিয়ে যোগান ধৰে। অসমত মুঠ কৰ্মৰত জনসংখ্যাৰ প্ৰায় ৬৫ শতাংশ কৃষিৰ সৈতে প্রত্যক্ষভাবে জড়িত হৈ আছে। যদিও অসমৰ অৰ্থনীতিত কৃষিয়ে এক প্রধান ভূমিকা পালন কৰি আহিছে; তথাপি অসমৰ কৃষি উন্নয়ন আশানুৰূপ হোৱা নাই। অসমৰ কৃষি উৎপাদিকা শক্তি ভাৰতবৰ্ষৰ আন বহুতো ৰাজ্যৰ তুলনাত কম। খাদ্য-সামগ্রীৰ ক্ষেত্ৰত অসমে আত্মনিৰ্ভৰশীলতা অর্জন কৰিবলৈ এতিয়াও বাকী। এল.চি. জৈন সমিতি (L.C. Jain Commitee)ৰ মতে অসমে বছৰি ৭০০ কোটি টকাৰ খাদ্য সামগ্রী অন্যান্য ৰাজ্যৰ পৰা আমদানি কৰিব লাগে।


ঝুম খেতি (Jhum Cultivation):

 ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত ঝুম খেতি এবিধ পুৰণি প্রথা। এই প্রথা বা কৃষি প্ৰণালীৰ মূল বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ'ল। প্ৰথমতে, একেডৰা মাটিতে বছৰৰ পিছত বছৰজুৰি খেতি কৰা নহয়। দ্বিতীয়তে, এই কৃষি প্ৰণালীত পাহাৰীয়া অঞ্চলৰ উদ্ভিদ কাটি আৰু পুৰি পেলোৱা হয়। তৃতীয়তে, কৃষকৰ শ্রমেই এই কৃষি কাৰ্যৰ মূল উপাদান। চতুৰ্থতে, এই কৃষিকার্যত সাধাৰণ কৃষি সঁজুলিৰ ব্যৱহাৰ হয়। পঞ্চমতে, এই পদ্ধতিৰ সহায়ত মাকৈ জোৱা, লাও-কোমোৰা, কপাহ, জলকীয়া, আদা আৰু কোনো ক্ষেত্ৰত ধানৰ খেতিও কৰা হয়। ষষ্ঠতে, একৰ ঘাঁহবন, উদ্ভিদ আদি কাটি আৰু পুৰি কৃষি কার্য সম্পন্ন কৰাৰ পিছত বহুত বছৰলৈ মাটিডৰা চন পৰি থাকে। নতুনকৈ উদ্ভিদ আদি গঢ়ি উঠিবলৈ এইছোৱা সময়ৰ প্রয়োজন হয়। কিন্তু বর্তমান এই সময়ছোৱা কমি আহিছে।